মাননীয় ন্যায়াধীশ ড° ধনঞ্জয় ৱাই. চন্দ্ৰচূড়, ভাৰতৰ মুখ্য ন্যায়াধীশ
![2020082939-ouochc3vg48n67zh41untu8p6n80fjw176qvd94ykw](https://cdnbbsr.s3waas.gov.in/s388ef51f0bf911e452e8dbb1d807a81ab/uploads/bfi_thumb/2022031575-qnwya39b0avbkx7tt19eugrp7k1dmrggqnsxkd9600.jpg)
নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা তেখেতে অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী, দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড ল স্কুলৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু এছ.জে.ডি. ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে মহাৰাষ্ট্ৰৰ বাৰ কাউন্সিলত নামভৰ্তি কৰে আৰু মূলতঃ বম্বে উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত ওকালতি কৰে। ১৯৯৮ চনত তেখেতে ভাৰতৰ জ্যেষ্ঠ অধিবক্তা আৰু অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে।
তেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ তুলনামূলক সাংবিধানিক আইন বিভাগ আৰু আমেৰিকাৰ ওকলাহোমা ইউনিভাৰ্চিটি স্কুল অৱ ল-ৰ অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল।
ন্যায়াধীশ চন্দ্ৰচূড়ে অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটি, হাৰ্ভাৰ্ড ল স্কুল, য়ালে ল স্কুল আৰু দক্ষিণ আফ্ৰিকাৰ ইউনিভাৰ্চিটি অৱ উইটৱাটাৰছ্ৰেণ্ড আদিত বক্তৃতা প্ৰদান কৰিছিল।ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী, বিশ্ব বেংক আৰু এছিয়ান উন্নয়ন বেংককে ধৰি ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে আয়োজন কৰা সন্মিলনত তেখেতে অধ্যক্ষতা কৰিছিল।
২০০০ চনৰ ২৯ মাৰ্চত তেখেত ব’ম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠলৈ উন্নীত হয়। ন্যায়াধীশ চন্দ্ৰচূড়ে মহাৰাষ্ট্ৰ ন্যায়িক একাডেমীৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৩ চনৰ ৩১ অক্টোবৰত তেখেতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।
২০১৬ চনৰ ১৩ মে’ত তেখেতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধী হিচাপে পদোন্নতি লাভ কৰে আৰু ২০২২ চনৰ ৯ নৱেম্বৰত তেখেতে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।