Close

    আই.চি.জে.এছ.

    আই চি জে এছ

    ন্যায় ব্যৱস্থাত তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ আৰম্ভণি হৈছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতিৰ দ্বাৰা ভাৰতৰ ন্যায় ব্যৱস্থাত আই চি টিৰ প্ৰয়োগৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কৰ্মসূচী প্ৰস্তুত কৰাৰ লগে লগে।
    আন্তঃব্যৱহাৰযোগ্য ফৌজদাৰী বিচাৰ ব্যৱস্থা হৈছে ই-সমিতিৰ দ্বাৰা গ্ৰহণ কৰা এক পদক্ষেপ যাৰ দ্বাৰা পৰিসংখ্যা আৰু তথ্য ফৌজদাৰী বিচাৰ ব্যৱস্থাৰ বিভিন্ন স্তম্ভসমূহলৈ যেনে আদালত, আৰক্ষী, কাৰাগাৰ আৰু ফৰেনচিক বিজ্ঞানাগাৰ আদিলৈ এখন মঞ্চৰ পৰা নিৰ্বিঘ্নে স্থানান্তৰ কৰিব পাৰি।
    আন্তঃব্যৱহাৰযোগ্য ফৌজদাৰী বিচাৰ ব্যৱস্থাৰ মঞ্চৰ সহায়ত এজাহাৰ আৰু অভিযোগ পত্ৰৰ তথ্য সকলো উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতসমূহে লাভ কৰিবলৈ সক্ষম হ’ব। আৰক্ষীয়ে আদালতৰ সুবিধাৰ বাবে এজাহাৰ, গোচৰ পঞ্জী আৰু অভিযোগ পত্ৰৰ দৰে তথ্যসমূহ পি ডি এফ ৰূপে আপলোড কৰে। ই-সমিতিয়ে তথ্যৰ আদান প্ৰদানৰ বাবে তথ্য আৰু পৰিসংখ্যাৰ মান নিৰ্ধাৰণ কৰাৰ উপৰিও তথ্যৰ শুদ্ধতা নিৰূপণ, প্ৰাপ্তি-স্বীকাৰ, ব্যৱহাৰকাৰী চিনাক্তকৰণ বা সুযোগ লাভৰ বাবে, বৈদুতিন তথ্যসমূহ সাঁচি ৰখাৰ বাবে আৰু সংৰক্ষণ কৰিবৰ বাবে প্ৰযুক্তিগত আন্তঃগাঁথনি তৈয়াৰ কৰিবৰ বাবে সক্ৰিয়ভাৱে কাম কৰে।
    প্ৰতিখন ৰাজ্যতে যাতে আন্তঃব্যৱহাৰযোগ্য ফৌজদাৰী বিচাৰ ব্যৱস্থা ফলপ্ৰসুভাৱে প্ৰয়োগ কৰা হয়, তাৰবাবে উচ্চ ন্যায়ালয়সমূহক আই পি এছ বিষয়াসকলৰ সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হৈছে। আন্তঃব্যৱহাৰযোগ্য ফৌজদাৰী বিচাৰ ব্যৱস্থাৰ মঞ্চত তথ্যৰ সংহতি ৰক্ষাৰ বাবে তেওঁলোক অতি গুৰুত্বপূৰ্ণ। আৰক্ষীৰ বাহিৰেও যাতে ভৱিষ্যনিধি সংস্থা, বন বিভাগ, পৌৰনিগম কৰ্তৃপক্ষ, শ্ৰমিক কল্যাণ সভাসমূহ, নগৰ পৰিকল্পনা কৰ্তৃপক্ষ আৰু খাদ্য আৰু ঔষধ প্ৰশাসন আদিও আন্তঃব্যৱহাৰযোগ্য ফৌজদাৰী বিচাৰ ব্যৱস্থাৰ অংশ হ’ব পাৰে, সেয়া সুনিশ্চিত কৰিবৰ বাবে উচ্চ ন্যায়ালয়সমূহে এজন নডেল বিষয়া নিযুক্তি দিবৰ বাবেও অনুৰোধ কৰিছে।
    যিহেতু আদালতত ব্যৱহাৰৰ বাবে এটা গোচৰৰ সকলো উপযুক্ত তথ্য প্ৰকৃত সময় অনুসৰি উপলব্ধ কৰা হয়, আন্তঃব্যৱহাৰযোগ্য ফৌজদাৰী বিচাৰ ব্যৱস্থা গোচৰ আৰু আদালত পৰিচালনাৰ বাবে এক ফলপ্ৰসু মঞ্চ হিচাপে পৰিগণিত হৈছে। ন্যায়িক নিৰ্দেশনাসমূহ তৎকালীনভাৱে প্ৰয়োগ কৰাৰ লগতে চমন জাৰি কৰা আদিও সময়মতে বাস্তৱায়িত কৰি সময় ৰাহি কৰিব পাৰি। আন্তঃব্যৱহাৰযোগ্য ফৌজদাৰী বিচাৰ ব্যৱস্থা ফৌজদাৰী বিচাৰ ব্যৱস্থাৰ গুণগত আৰু পৰিমাণগতভাৱে কাৰ্যক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।