ই-সমিতিৰ বিষয়ে
ভাৰতত ন্যায়িক ব্যৱস্থাই গ্ৰহণ কৰা তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই.চি.টি)ৰ পদক্ষেপসমূহক দৰ্শোৱা এই প’ৰ্টেললৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতিয়ে আপোনাক স্বাগতম জনাইছে। ই-সমিতি হ’ল “ভাৰতীয় ন্যায় ব্যৱস্থাত তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই.চি.টি)ৰ প্ৰয়োগৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য প্ৰণালী-২০০৫”-ৰ অধীনত পৰিকল্পিত ই-আদালত প্ৰকল্পসমূহ তদাৰক কৰাৰ ভাৰপ্ৰাপ্ত পৰিচালনা সমিতি। ই-আদালত হ’ল ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ ন্যায় বিভাগে পৰ্যবেক্ষণ কৰা আৰু পুঁজি প্ৰদান কৰা এটা সৰ্বভাৰতীয় প্ৰকল্প। এই প্ৰকল্পৰ লক্ষ্য হ’ল আদালতৰ আই.চি.টি কাৰ্যক্ষম কৰি তোলাৰ জৰিয়তে দেশৰ ন্যায়িক ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰা।
প্ৰকল্পটোৰ সংক্ষিপ্ত সাৰ
- ই-আদালত প্ৰজেক্ট লিটিগেন্টচ চাৰ্টাৰৰ লগত সংগতি ৰাখি কার্যক্ষম আৰু সময়বদ্ধ নাগৰিক কেন্দ্ৰিক সেৱা আগবঢ়োৱা ।
- আদালতত কার্যক্ষম ন্যায় প্ৰদান ব্যৱস্থাৰ বিকাশ সাধন কৰা, প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ প্ৰয়োগক বাস্তৱ ৰূপ দিয়া ।
- ইয়াৰ অংশীদাৰসকলে সহজে তথ্য লাভ কৰাৰ উদ্দেশ্যে প্ৰক্ৰিয়াটোক স্বয়ংচালিত কৰা ।
- ন্যায় প্ৰদান ব্যৱস্থাক সহজলভ্য, কম খৰচী, বিশ্বাসযোগ্য আৰু স্বচ্ছ কৰি গুণগতভাৱে আৰু পৰিমাণগতভাৱে ন্যায়িক কাৰ্য ক্ষমতা বৃদ্ধি কৰা ।
 
         
         
                                                                                                     
                             
                             
                            












 
                                     
                                     
                                     
                                     
                                     
                                    