Close
    • main-banner-assamese

    ই-সমিতিৰ বিষয়ে

    ভাৰতত ন্যায়িক ব্যৱস্থাই গ্ৰহণ কৰা তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই.চি.টি)ৰ পদক্ষেপসমূহক দৰ্শোৱা এই প’ৰ্টেললৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতিয়ে আপোনাক স্বাগতম জনাইছে। ই-সমিতি হ’ল “ভাৰতীয় ন্যায় ব্যৱস্থাত তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই.চি.টি)ৰ প্ৰয়োগৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য প্ৰণালী-২০০৫”-ৰ অধীনত পৰিকল্পিত ই-আদালত প্ৰকল্পসমূহ তদাৰক কৰাৰ ভাৰপ্ৰাপ্ত পৰিচালনা সমিতি। ই-আদালত হ’ল ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ ন্যায় বিভাগে পৰ্যবেক্ষণ কৰা আৰু পুঁজি প্ৰদান কৰা এটা সৰ্বভাৰতীয় প্ৰকল্প। এই প্ৰকল্পৰ লক্ষ্য হ’ল আদালতৰ আই.চি.টি কাৰ্যক্ষম কৰি তোলাৰ জৰিয়তে দেশৰ ন্যায়িক ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰা।

    প্ৰকল্পটোৰ সংক্ষিপ্ত সাৰ

    • ই-আদালত প্ৰজেক্ট লিটিগেন্টচ চাৰ্টাৰৰ লগত সংগতি ৰাখি কার্যক্ষম আৰু সময়বদ্ধ নাগৰিক কেন্দ্ৰিক সেৱা আগবঢ়োৱা ।
    • আদালতত কার্যক্ষম ন্যায় প্ৰদান ব্যৱস্থাৰ বিকাশ সাধন কৰা, প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ প্ৰয়োগক বাস্তৱ ৰূপ দিয়া ।
    • ইয়াৰ অংশীদাৰসকলে সহজে তথ্য লাভ কৰাৰ উদ্দেশ্যে প্ৰক্ৰিয়াটোক স্বয়ংচালিত কৰা ।
    • ন্যায় প্ৰদান ব্যৱস্থাক সহজলভ্য, কম খৰচী, বিশ্বাসযোগ্য আৰু স্বচ্ছ কৰি গুণগতভাৱে আৰু পৰিমাণগতভাৱে ন্যায়িক কাৰ্য ক্ষমতা বৃদ্ধি কৰা ।
    mobile-app

    ই-আদালত সেৱা মোবাইল এপ

    ই-আদালত সেৱা মোবাইল এপ্লিকেশ্যনে দেশৰ বৈপ্লৱিক ন্যায়ালয় তথ্য আহৰণৰ উপায় হিচাপে ‘ডিজিটেল ইণ্ডিয়া বঁটা’ লাভ কৰিছে।....

    dcs

    ই-আদালত সেৱা প’ৰ্টেল

    ই-আদালত প্ৰকল্পৰ অধীনত প্ৰদান কৰা বিভিন্ন কাৰ্য আৰু সেৱাৰ সংযোগ প্ৰদানকাৰী এক কেন্দ্ৰীভূত দ্বাৰ। এই প’ৰ্টেলে....

    hcs

    উচ্চ ন্যায়ালয় সেৱাসমূহ

    উচ্চ ন্যায়ালয়সমূহৰ লগত জড়িত তথ্যৰ এক ৰাষ্ট্ৰীয় ভাণ্ডাৰ এই প’ৰ্টেলত উপলব্ধ। এই ৱেবছাইটত....

    epayment

    ই-আদালতৰ মাচুল পৰিশোধ

    আদালতৰ মাচুল, জৰিমনা, অৰ্থদণ্ড আৰু ন্যায়িক আমানতৰ ধন অনলাইনভাৱে পৰিশোধ কৰা সেৱাৰ....

    virtual-court

    ভাৰ্চুৱেল ক’ৰ্ট

    ভাৰ্চুৱেল ক’ৰ্ট হৈছে এনে এক ধাৰণা, যাৰ লক্ষ্য হৈছে আদালত চৌহদত মোকৰ্দমাকাৰী অথবা অধিবক্তাৰ উপস্থিতি....

    njdg

    ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীড

    ই-আদালত প্ৰকল্পৰ তত্ত্বাৱধানত কাৰ্যকৰী কৰা এক ধ্বজাবাহক প্ৰকল্প ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীডে ভাৰত চৰকাৰৰ ব্যৱসায়িক দক্ষতাৰ প্ৰাথমিক....

    Touch screen kiosk

    টাচ স্ক্ৰীন কিয়স্ক

    সমগ্ৰ দেশতে আদালত চৌহদসমূহত টাচ স্ক্ৰীন কিয়স্ক স্থাপন কৰা হৈছে। এই কিয়স্কসমূহত অধিবক্তা....

    e sewa kendra

    ই-সেৱা কেন্দ্ৰ

    প্ৰত্যেক ৰাজ্যতে বৃহৎ পৰিসৰত উচ্চ ন্যায়ালয়সমূহ আৰু একোখনকৈ জিলা আদালতত ই-সেৱা কেন্দ্ৰৰ সৃষ্টি কৰা....

    efiling

    ই-দাখিল

    ই-দাখিলে আইনী তথ্যৰ বৈদুতিনভাৱে দাখিলৰ সুবিধা প্ৰদান কৰে। ই-দাখিল ব্যৱস্থাৰ প্ৰয়োগ কৰি উচ্চ ন্যায়ালয় আৰু জিলা আদালত....

    নতুন কি আছে

    Adopting-Solutions

    ন্যায়ালয়সমূহ আৰু কোবিড – ১৯ :...

    ১৭ জুন, ২০২০ তাৰিখে মাননীয় ন্যায়াধীশ ড০ ডি ৱাই চন্দ্ৰচূড়ে ‘বিশ্ব বেংকত ন্যায়ালয়সমূহ আৰু কোবিড-১৯ – ন্যায়িক কাৰ্যদক্ষতাৰ বাবে সমাধান গ্ৰহণ’ শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে। উক্ত ভাষণত তেওঁ ভাৰতত কোবিড-১৯ অতিমাৰীৰ প্ৰতি তৎকালীন ন্যায়িক প্ৰতিক্ৰিয়া সম্পৰ্কে আলোচনা কৰিছিল।…

    njdg-launch

    উচ্চ ন্যায়ালয়সমূহৰ বাবে ৰাষ্ট্ৰীয় ন্যায়িক ডাটা...

    ২০২০ চনৰ জুলাই মাহৰ, ৩ তাৰিখে ভাৰতৰ মহান্যায়বাদী কে কে বেনুগোপালে ই-সমিতিৰ অধ্যক্ষ ড০ ডি ৱাই চন্দ্ৰচূড়, মহান্যায়াধিকৰ্তা শ্ৰী তুষাৰ মেহতা, সচিব (ন্যায়িক) শ্ৰী বৰুণ মিত্ৰ, ই-সমিতিৰ উপাধ্যক্ষ আৰ চি চৱন, উচ্চতম ন্যায়ালয়ৰ সচিব প্ৰধান শ্ৰী সঞ্জীৱ কালগাওকাৰ আৰু…

    সকলো চাওক

    পুৰস্কাৰ আৰু স্বীকৃতি

    No Image

    প্ৰতিবন্ধী ব্যক্তিসকলৰ সবলীকৰণৰ সৈতে জড়িত অনুষ্ঠানসমূহৰ বাবে...

    ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতিক ২০২২ চনৰ ৩ ডিচেম্বৰ তাৰিখে বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে প্ৰতিবন্ধী ব্যক্তিসকলৰ…

    2022goldaward

    নাগৰিক কেন্দ্ৰিক বিতৰণৰ ব্যৱস্থাৰ উৎকৃষ্টতাৰ বাবে ২০২২...

    ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু ন্যায় বিভাগৰ ই কমিটীক প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগে নাগৰিক কেন্দ্ৰিক বিতৰণৰ ব্যৱস্থাৰ উৎকৃষ্টতাৰ বাবে প্ৰথিতযশা ৰাষ্ট্ৰীয় স্ৱৰ্ণ…

    সকলো চাওক