Close

    এন.এছ.টি.ই.পি.

    মোকৰ্দমাসমূহৰ দ্ৰুত মীমাংসাৰ ক্ষেত্ৰত তলব আৰু প্ৰক্ৰিয়া পৰিসেৱাৰ পৰম্পৰাগত পদ্ধতিসমূহ প্ৰায়ে নিশ্চিত বিলম্বৰ কাৰক হৈ পৰিছে। এন.এছ.টি.ই.পি. হৈছে এক কেন্দ্ৰীভূত প্ৰক্ৰিয়া পৰিসেৱা যি ৱেব এপ্লিকেশ্যনেৰে গঠিত আবেদনসমূহ চিহ্নিত কৰে, আৰু ই হৈছে এই পদ্ধতিটোক গতি প্ৰদানৰ বাবে প্ৰস্তুত কৰি উলিওৱা এক পৰিপূৰক মোবাইল এপ। নাজিৰসকলক প্ৰদান কৰা এন.এছ.টি.ই.পি. মোবাইল এপ আৰু প্ৰছেছ ছাৰ্ভাৰ বাস্তৱিক সময়ত তলবনামা আৰু জাননীসমূহ স্বচ্ছভাৱে চিহ্নিত কৰিবলৈ সমৰ্থ হৈছে। সংশ্লিষ্ট আদালতসমূহৰ দ্বাৰা চি.আই.এছ. ছফটৱেৰৰ যোগেদি এই পদ্ধতি এবাৰ গ্ৰহণ কৰাৰ পিছত বৈদ্যুতিন মাধ্যমত এন.এছ.টি.ই.পি. ৱেব এপ্লিকেশ্যনত ই উপলব্ধ হ’ব। যদিহে নাজিৰসকলৰ ক্ষেত্ৰাধিকাৰৰ অন্তৰ্গত এলেকাত এই সেৱাসমূহ কাৰ্যকৰী হয় তেন্তে এন.এছ.টি.ই.পি. ৱেব এপ্লিকেশ্যনে প্ৰকাশিত পদ্ধতি/ প্ৰক্ৰিয়াসমূহ তেওঁলোকৰ মাজত বিতৰণ কৰাৰ ক্ষমতা প্ৰদান কৰে। ই আন্তঃজিলা অথবা আন্তঃৰাজ্যিক সংশ্লিষ্ট ন্যায়ালয় প্ৰতিষ্ঠানসমূহত প্ৰকাশিত পদ্ধতিসমূহ বিতৰণৰ সুবিধাও প্ৰদান কৰিছে।
    নাজিৰসকলে তেওঁলোকক আবণ্টন দিয়া পদ্ধতিসমূহ এন.এছ.টি.ই.পি. মোবাইল এপত প্ৰত্যক্ষ কৰিব পাৰে। নাজিৰসকলক এণ্ড্ৰয়ড স্মাৰ্টফোন প্ৰদান কৰা হৈছে, য’ত আদালতৰ পৰিসেৱা মাপাংক অন্তৰ্ভুক্ত কৰা হৈছে। নাজিৰসকলে জি.পি.এছ. অৱস্থান [সেৱা প্ৰদানৰ বাবে কোনো ব্যক্তি উপলব্ধ নোহোৱা অৱস্থাত] গ্ৰহণকৰ্তা অথবা তেওঁৰ প্ৰাঙ্গনৰ আলোকচিত্ৰ, গ্ৰহণকৰ্তাৰ স্বাক্ষৰ আৰু পৰিসেৱা প্ৰভাৱান্বিত নোহোৱাৰ কাৰণসমূহৰ খতিয়ান তৎক্ষণাত সংগ্ৰহ কৰিব পাৰে। সংগৃহীত তথ্যসমূহ তাৎক্ষণিকভাৱে কেন্দ্ৰীয় এন.এছ.টি.ই.পি. এপ্লিকেশ্যনলৈ প্ৰেৰণ কৰা হয়। এন.এছ.টি.ই.পি. ৱেব এপ্লিকেশ্যনৰ পৰা এই তথ্যসমূহ চি.আই.এছ.লৈ প্ৰেৰণ কৰা হয়, যি আদালতসমূহক সেৱাৰ অৱস্থিতি পৰ্য্যবেক্ষণ কৰাত সহায় কৰে। এইদৰে এন.এছ.টি.ই.পি.এ তলত উল্লেখিত নিৰ্দিষ্ট লক্ষ্যসমূহ পূৰণ কৰেঃ-
    • বৈদ্যুতিন মাধ্যমত তলব/ জাননী জাৰিৰ ক্ষমতা
    • আওহতীয়া অঞ্চলবোৰৰ পৰা শেহতীয়া তথ্যসমূহৰ নথিভুক্তকৰণ আৰু প্ৰবিষ্টকৰণ যি প্ৰচেছ ছাৰ্ভিচৰ মাত্ৰাধিক বিলম্বতা হ্ৰাস কৰিছে
    • আন্তঃজিলা আৰু আন্তঃৰাজ্যিক পদ্ধতিসমূহ ডাকযোগে সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা সময় বৈদ্যুতিন মাধ্যমে যথেষ্ট হ্ৰাস কৰিছে।
    • সকলো অংশীদাৰৰ দ্বাৰা তলব আৰু প্ৰক্ৰিয়া সেৱাসমূহ স্বচ্ছভাৱে চিহ্নিতকৰণ
    • ভূৱন মানচিত্ৰৰ লগত জি.পি.এছ. সংযোগ (ইছৰো (আই.এছ.আৰ.অ’.)এ প্ৰস্তুত কৰা ভাৰতবৰ্ষৰ ভৌগোলিক নক্সা)