Close

    ই-আদালত প্ৰকল্পৰ অধীনত প্ৰাপ্ত গুৰুত্বপূৰ্ণ কীৰ্তিসমূহ

    • পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ফ্ৰী এণ্ড্ অ’পেন ছ’ৰ্চ ছফটৱেৰ [এফ.অ’.এছ.এছ.]ৰ ওপৰত আধাৰিত মোকৰ্দমাৰ তথ্য আৰু ব্যৱস্থাপনা প্ৰণালীৰ বিকাশ। অনুজ্ঞা পত্ৰ মাচুল আৰু তত্ত্বাৱধানৰ নিয়মীয়া ব্যয়ৰ বাহিৰে এফ.অ’. এছ.এছ. আধাৰিত মাধ্যম গ্ৰহণ কৰাৰ ফলস্বৰূপে আমাৰ দেশে আনুমানিক ৩৪০ কোটি (৩৪০০ মিলিয়ন) টকা ৰাহি কৰিবলৈ সক্ষম হৈছে।
    • ভাৰতবৰ্ষৰ সকলো জিলা আৰু নিম্ন আদালতৰ বাবে এক উমৈহতীয়া মোকৰ্দমা ব্যৱস্থাপনা আৰু তথ্য প্ৰণালী হিচাপে “চি.আই.এছ. নেশ্যনেল ক’ৰ ভি.৩.২” ছফটৱেৰ প্ৰস্তুতকৰণ।
    • ভাৰতবৰ্ষৰ ২২ খন উচ্চ ন্যায়ালয়ত গোচৰ ব্যৱস্থাপনা আৰু তথ্য প্ৰণালী হিচাপে “চি.আই.এছ. নেশ্যনেল ভি.১.০”ৰ প্ৰয়োগ।
    • সমগ্ৰ দেশৰ ৩২৫৬ আদালত ভৱনৰ তথ্য বৰ্তমান অনলাইনত উপলব্ধ।
    • ৬৮৮ খন জিলা আদালতৰ সুকীয়া তথা নিজস্ব ৱেবছাইট আছে।
    • দ্য নেশ্যনেল জুডিচিয়েল ডাটা গ্ৰীড (এন.জে.ডি.জি.)ত জিলা আৰু তহচিল আদালত সমূহৰ (অমীমাংসিত আৰু মীমাংসিত ১৩.৬০ কোটি (১৩৬০ মিলিয়ন) ডাটা সন্নিৱিষ্ট হৈ আছে।
    • বিভিন্ন উচ্চ ন্যায়ালয়সমূহৰ সৰ্বমুঠ ৩.৩৮ কোটি (৩৩৮ মিলিয়ন) মোকৰ্দমা (অমীমাংসিত) আৰু ১২.৪৯ কোটি (১২৪৯ মিলিয়ন) আদেশ আৰু ৰায় বৰ্তমান অনলাইনত উপলব্ধ।
    • ই-সমিতিয়ে প্ৰস্তুত কৰা মোবাইল এপটো ৪.৫৪ মিলিয়ন এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে ডাউনলোড কৰিছে।