Close

    ৱেবছাইট নীতিসমূহ

    ব্যৱহাৰৰ চৰ্ত
    ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতিয়ে এই ৱেবছাইটৰ বিষয়বস্তু পৰিচালনা কৰে।
    ৱেবছাইটৰ বিষয়বস্তুৰ শুদ্ধতা আৰু গ্ৰহণযোগ্যতাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ সকলো ধৰণৰ যত্ন কৰা হৈছে যদিও, ইয়াক, আইনৰ বিধান হিচাপে গণ্য কৰিব নালাগে বা আইনী উদ্দেশ্যত ব্যৱহাৰ কৰিব নালাগে। এই প’ৰ্টেলত ব্যৱহাৰ সংক্ৰান্তত হোৱা কোনোধৰণৰ ক্ষয়ক্ষতি বা লোকচান পৰোক্ষ বা আনুষংগিক ক্ষতি, খৰচ আদিৰ বাবে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতি কোনোপধ্যে দায়ী নহ’ব।
    এই প’ৰ্টেলত বেলেগ ৱেবছাইটৰ লিংক/ সংযোগ কেৱল ৰাইজৰ/ ৰাজহুৱা সুবিধাৰ বাবে দিয়া হৈছে। সকলো সময়তে সংযোগী পৃষ্ঠাসমূহৰ উপলব্ধতাৰ নিশ্চয়তা আমি দিব নোৱাৰো।
    এই চৰ্তাৱলী ভাৰতীয় আৰু আইনৰ অধীন আৰু তাৰ দ্বাৰা পৰিচালিত হ’ব। এই চৰ্তসমূহৰ পৰা উৎপত্তি হোৱা বিবাদৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আদালতৰ একচেটিয়া ক্ষেত্ৰাধিকাৰ থাকিব।

    স্বত্ব নীতি
    ই-মেইল প্ৰেৰণ কৰি অনুমতি লোৱাৰ পিছত এই ৱেবছাইটত উপলব্ধ উপাদানসমূহ বিনামূল্যে পুনৰুল্লেখ কৰিব পৰা যাব। যিয়েই নহওক, উপাদানসমূহ সঠিকভাৱে পুনৰুল্লেখ কৰিব লাগিব, হানিকাৰক বা বিভ্ৰান্তিমূলকভাৱে নহয়। যেতিয়াই উক্ত উপাদানসমূহ প্ৰকাশ কৰা হ’ব বা আনক দিয়া হ’ব, ইয়াৰ উৎস সুস্পষ্টভাৱে স্বীকাৰ কৰিব লাগিব। তৃতীয় পক্ষৰ স্বত্ব হিচাপে চিহ্নিত কৰা উপাদানৰ পুনৰ উল্লেখৰ বাবে অনুমতি দিয়া নহ’ব। তেনে উপাদান পুনৰ উল্লেখ কৰিবৰ বাবে সংশ্লিষ্ট বিভাগ/ স্বত্বাধিকাৰীৰ পৰা কৰ্তৃত্ব ল’ব লাগিব।

    গোপনীয়তা নীতি
    আপোনাক ব্যক্তিগতভাৱে চিনাক্ত কৰিবলৈ এই ৱেবছাইটে স্বয়ংক্ৰিয়ভাৱে নিৰ্দিষ্ট ব্যক্তিগত তথ্য (যেনে- নাম, ফোন নং, ই-মেইল আই.ডি. আদি) সংগ্ৰহ নকৰে।
    যদি এই ৱেবছাইটে আপোনাৰ পৰা ব্যক্তিগত তথ্য বিচাৰে, তেন্তে উক্ত তথ্য সংগ্ৰহৰ উদ্দেশ্যে আপোনাক জনোৱা হ’ব। উদাহৰণস্বৰূপে, আপোনাৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ বাবে আপোনাৰ প্ৰতিক্ৰিয়া আৰু পৰ্য্যাপ্ত সুৰক্ষামূলক ব্যৱস্থা লোৱা হ’ব।
    অত্ৰ ৱেবছাইটত স্বেচ্ছামূলকভাৱে দিয়া ব্যক্তিগতভাৱে চিনাক্তকৰণ কৰিব পৰা তথ্য আমি তৃতীয় পক্ষক (চৰকাৰী/ বেচৰকাৰী) বিক্ৰী নকৰো বা যোগান নধৰো। এই ৱেবছাইটত দিয়া তথ্য হেৰোৱা, অপব্যৱহাৰ, অনধিকাৰ আহৰণ, প্ৰকাশ, পৰিৱৰ্তন বা ধ্বংস আদিৰ পৰা সুৰক্ষিত।
    ব্যৱহাৰকাৰী সম্পৰ্কে আমি কিছুমান তথ্য সংগ্ৰহ কৰো, যেনে- ইণ্টাৰনেট প্ৰটকল (আই.পি.) ঠিকনা, ডোমেইন নাম, ব্ৰাউজাৰৰ ধৰণ, অপাৰেটিঙৰ ধৰণ, পৰিদৰ্শনৰ তাৰিখ আৰু সময় আৰু পৰিদৰ্শিত পৃষ্ঠা। যেতিয়ালৈকে এই ৱেবছাইটৰ ক্ষতি কৰাৰ চেষ্টা দৃষ্টিগোচৰ নহয়, তেতিয়ালৈকে আমি এই ঠিকনাসমূহক আমাৰ ৱেবছাইট পৰিদৰ্শন কৰা ব্যক্তিৰ পৰিচয়ৰ লগত সংযুক্ত নকৰো।

    হাইপাৰ লিংকৰ নীতি
    বাহিৰা অন্য ৱেবছাইট/ প’ৰ্টেলক সংযুক্তকৰণ
    এই ৱেবছাইটত বহুত ঠাইত অইন ৱেবছাইট/ প’ৰ্টেল লৈ সংযুক্ত/ লিংক দেখা পাব। এই লিংকসমূহ আপোনাৰ সুবিধাৰ বাবে দিয়া হৈছে। এই লিংকসমূহ সকলো সময়তে চলি থাকিব বুলি আমি নিশ্চয়তা প্ৰদান কৰিব নোৱাৰো আৰু এই সংযুক্ত পৃষ্ঠাসমূহৰ উপলব্ধতাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই।

    সংৰক্ষণ নীতি
    ৰাজ্যিক প্ৰতিষ্ঠানৰ ৱেবছাইটত প্ৰকাশিত বিষয় অনিৰ্দিষ্ট ধৰণৰ আৰু ইয়াৰ কোনো সঠিক সময়সীমা (প্ৰস্থানৰ সময়) নাথাকে। গতিকে ই অনবৰত চলি থাকে/ উপলব্ধ আৰু ৱেবছাইটৰ জৰিয়তে এইবোৰ লাভ কৰিব পাৰি। অৱশ্যে, ঘটনা, নিবিদা, নিয়োগ, ঘোষণা আদি শিতানত প্ৰকাশিত বিষয়ৰ সময়সীমা থাকে আৰু ম্যাদ শেষ হোৱাৰ নিৰ্ধাৰিত তাৰিখৰ পিছত (প্ৰত্যেক বিষয়ৰ লগত দেখুওৱা হয়) স্বয়ংক্ৰিয়ভাৱে অনলাইন সংৰক্ষণ শিতানলৈ স্থানান্তৰ কৰা হ’ব।