Close

    লক্ষ্য আৰু উদ্দেশ্য

    মূল নীতিসমূহ:

    • “সবল” আৰু “সক্ষম” কৰিবৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰিব লাগে
    • প্ৰযুক্তি কেৱল পৰম্পৰাগত অনুশীলন আৰু প্ৰক্ৰিয়াসমূহৰ স্বয়ংক্ৰিয়তা সন্দৰ্ভত ব্যৱহাৰ হোৱা উচিত নহয়, বৰঞ্চ ই পৰিৱৰ্তনৰ মাধ্যম হোৱা উচিত। এক শক্তি, যি সকলো নাগৰিকক “সবল” আৰু “সক্ষম” কৰে।

    • সকলোৰে বাবে ন্যায়ৰ পথ সুনিশ্চিত কৰা
    • প্ৰতিজন ব্যক্তিকে যিকোনো “ডিজিটেল বিভাজন” বা অন্যান্য আৰ্থ-সামাজিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এখন আইন প্ৰতিষ্ঠানৰ কাষ চপাৰ সুবিধা প্ৰদান কৰিব লাগে।

    • সুদক্ষ আৰু প্ৰতিক্ৰিয়াশীল বিচাৰ ব্যৱস্থাৰ নিৰ্মাণ কৰা

    • প্ৰযুক্তিৰ ব্যৱহাৰে বিচাৰ ব্যৱস্থাটোক কেৱল দ্ৰুতভাৱে ন্যায় প্ৰদান কৰাৰ বাবে সক্ষম কৰি তোলাই নহয়, ন্যায়পালিকাৰ যোগ্যতা আৰু দক্ষতাক নিৰীক্ষণ আৰু চিত্ৰিত কৰিবৰ বাবে “কৰ্মদক্ষতাৰ পৰিমাপ”ৰ বিকাশো সাধন কৰে।

     

    উদ্দেশ্য:

    ই-সমিতিখন এইসমূহ উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয় :
    • দেশৰ সকলো আদালতৰ আন্ত:সংযোগ।
    • ভাৰতীয় বিচাৰ ব্যৱস্থাত আই.চি.টি.-ৰ বলবৎকৰণ।
    • গুণগত আৰু পৰিমাণগত- উভয়ধৰণে ন্যায়িক কাৰ্যদক্ষতা বৃদ্ধিৰ বাবে আদালতসমূহক প্ৰস্তুত কৰি তোলা।
    • ন্যায় প্ৰদান ব্যৱস্থাক সহজসাধ্য, কম খৰচী, স্বচ্ছ আৰু দায়বদ্ধ কৰি তোলা।

     

    দ্বিতীয় পৰ্যায়ৰ উদ্দেশ্য:

    • কিয়স্ক, ৱেব প’ৰ্টেল, মোবাইল এপ, ই-মেইল, এছ.এম.এছ পুল, এছ.এম.এছ পুছ ইত্যাদি বিভিন্ন পৰিসেৱা বিতৰণ প্ৰণালীৰ জৰিয়তে গোচৰ সম্পৰ্কীয় তথ্যৰ সহজ প্ৰচাৰ
    • অধিবক্তাসকলৰ কাৰণে গোচৰসমূহৰ পৰিকল্পনা আৰু তালিকা প্ৰস্তুত কৰা
    • গোচৰৰ বোজা পৰিচালনাৰ সৈতে ন্যায়িক বিষয়াসকলৰ বাবে গোচৰ পৰিচালনা
    • মুখ্য পীঠ আৰু অন্যান্য জিলাৰ ন্যায়াধীশসকল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবে নিৰীক্ষণাত্মক আৰু পৰ্যবেক্ষণ সম্পৰ্কীয় সা-সুবিধা
    • উচ্চ ন্যায়ালয়, ন্যায় বিভাগ, গৱেষক আৰু বিদ্বানসকলৰ দ্বাৰা প্ৰতিখন জিলা আৰু তহচিলত ৰাজ্য অনুযায়ী গোচৰৰ তত্ত্বাৱধান আৰু পৰ্যবেক্ষণ