Close

    পৰিচয়

    নতুন প্ৰযুক্তিক আদৰি লোৱাৰ জৰিয়তে ভাৰতৰ ন্যায়িক ক্ষেত্ৰখনৰ সংস্কাৰ সাধন কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা অনুভৱ কৰি আৰু আদালতত আই.চি.টি বলবৎ কৰিবৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু ৰাষ্ট্ৰীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ অৰ্থে ভাৰতৰ সেই সময়ৰ মুখ্য ন্যায়াধীশ আৰ.চি. লাহোতিয়ে ই-সমিতি গঠনৰ পোষকতা কৰিছিল। ৰাষ্ট্ৰীয় নীতি প্ৰণয়ন কৰাৰ ক্ষেত্ৰত ই-সমিতিখনে সহায় কৰিবলগীয়া হৈছিল, যাতে ভাৰতীয় ন্যায়পালিকাই ডি়জিটেল যুগৰ বাবে নিজকে সাজু কৰিব পাৰে আৰু ন্যায় প্ৰদান ব্যৱস্থাক আধিক কাৰ্যক্ষম কৰি তুলিবৰ বাবে প্ৰযুক্তি আৰু যোগাযোগৰ আহিলাসমূহ গ্ৰহণ আৰু প্ৰয়োগ কৰিব পাৰে আৰু এনেদৰে ইয়াৰ বিভিন্ন অংশগ্ৰহণকাৰীসকলক লাভান্বিত কৰিব পাৰে।
    ই-সমিতিৰ দ্বাৰা গঠিত ডি়জিটেল মাধ্যমসমূহে অভিযোগকাৰী, অধিবক্তা, চৰকাৰী/ আইন প্ৰয়োগকাৰী সংস্থা আৰু নাগৰিকসকলৰ দৰে অংশগ্ৰহণকাৰীসকলে প্ৰকৃত সময়ত ন্যায়িক তথ্য লাভ কৰাটো সম্ভৱপৰ কৰি তুলিছে। ডি়জিটেল ডাটাবেচ আৰু মত-বিনিময়ৰ মাধ্যমসমূহে সম্ভৱপৰ কৰিছে—
    • দেশৰ যিকোনো আদালতত বিচাৰাধীন হৈ থকা কোনো এটা বিশেষ গোচৰৰ স্থিতি আৰু সবিশেষৰ ওপৰত নজৰ ৰখা।
    • সমগ্ৰ দেশৰ বিভিন্ন আইন প্ৰতিষ্ঠানসমূহত গোচৰসমূহৰ অমীমাংসিত অৱস্থাক পৰিচালনা কৰা।
    • গোচৰসমূহৰ দ্ৰুত নিষ্পত্তি শ্ৰেণীৰ বাবে ডাটাবেচৰ গ্ৰহণ আৰু ব্যৱহাৰ।
    • আদালতৰ সাধনসমূহৰ কাৰ্যক্ষম প্ৰয়োগ।
    • ন্যায়পালিকাৰ যোগ্যতা আৰু দক্ষতাক নিৰীক্ষণ আৰু চিত্ৰিত কৰিবৰ বাবে তথ্যৰ বিশ্লেষণ।