Close

    ভাৰতৰ মাননীয় মুখ্য ন্যায়াধীশ শ্ৰী শৰদ অৰবিন্দ বোবডে

    2020082939-ouochc3vg48n67zh41untu8p6n80fjw176qvd94ykw
    • পদবী: প্রধান পৃষ্ঠপোষক

    নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু এল. এল. বি. ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত মহাৰাষ্ট্ৰৰ বাৰ কাউন্সিলত নামভৰ্তি কৰে। ২১ বছৰৰো অধিক সময় ব’ম্বেৰ মুখ্য বিচাৰপীঠ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত উপস্থিত থকাৰ লগতে ব’ম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ পীঠত আইন অনুশীলন কৰিছিল। ১৯৯৮ চনত জ্যেষ্ঠ অধিবক্তাৰ পদলৈ মনোনীত হয়।
    • ২০০০ চনৰ ২৯ মাৰ্চত ব’ম্বে উচ্চ ন্যায়ালয়ৰ পীঠত অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে।
    • ২০১২ চনৰ ১৬ অক্টোবৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।
    • ২০১৩ চনৰ ১২ এপ্ৰিলত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে।
    • ২০১৯ চনৰ ১৮ নৱেম্বৰত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।
    • ২০২১ চনৰ ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব।