Close

    উচ্চ ন্যায়ালয়সমূহৰ বাবে ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীডৰ সূচনা

    Publish Date: March 25, 2021
    njdg-launch

    ২০২০ চনৰ জুলাই মাহৰ, ৩ তাৰিখে ভাৰতৰ মহান্যায়বাদী কে কে বেনুগোপালে ই-সমিতিৰ অধ্যক্ষ ড০ ডি ৱাই চন্দ্ৰচূড়, মহান্যায়াধিকৰ্তা শ্ৰী তুষাৰ মেহতা, সচিব (ন্যায়িক) শ্ৰী বৰুণ মিত্ৰ, ই-সমিতিৰ উপাধ্যক্ষ আৰ চি চৱন, উচ্চতম ন্যায়ালয়ৰ সচিব প্ৰধান শ্ৰী সঞ্জীৱ কালগাওকাৰ আৰু ই-সমিতিৰ অন্য সদস্যসকলৰ উপস্থিতিত উচ্চ ন্যায়ালয়সমূহৰ বাবে ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীডৰ শুভাৰম্ভ কৰে।

    ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীড হৈছে গোচৰৰ তথ্য ভাণ্ডাৰ আৰু ইয়াক শিথিল সন্ধান বিকল্পসম্বলিতভাৱে প্ৰস্তুত কৰা হৈছে। ২৩ জুলাই, ২০২০ তাৰিখলৈকে ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীডত উপলব্ধ তথ্য অনুসৰি জিলা আৰু তালুক আদালতসমূহত মুঠ ৩,৩৪,১১,১৭৮ টা গোচৰ অমীমাংসিত হৈ আছিল। এই তথ্য তলৰ লিংকটোত চাব পাৰিব https://njdg.e-Courts.gov.in/njdgnew/index.php

    ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীডত উচ্চ ন্যায়ালয়সমূহত মুঠ ৪৩,৭৬,২৫৮ টা অমীমাংসিত গোচৰ থকাৰ তথ্য পোৱা যায়। এই তথ্য এই লিংকটোত চাব পাৰিব – https://njdg.e Courts.gov.in/hcnjdgnew/

    ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীডৰ সৃষ্টিক বিশ্ব বেংকেও উচ্চ প্ৰশংসা কৰিছে আৰু সেইবাবে ‘ইজ অৱ ডুইং বিজনেছ’ৰ ক্ষেত্ৰত ভাৰতক মুঠ ২০ টা স্থান আগুৱাই এক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।