Close

    আশিষ জে. শিৰধোনকাৰ

    ASHISH J. SHIRADHONKAR
    • পদবী: বিজ্ঞানী-এফ, বিভাগীয় মুৰব্বী ই-আদালত প্ৰকল্প

    কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগত মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ পৰা বি.ই. ডিগ্ৰী, বি.আই.টি.এচ পিলানিৰ পৰা ছফটৱেৰ চিষ্টেমত এম.এচ ডিগ্ৰী আৰু পুণা বিশ্ববিদ্যালয়ৰ পৰা এল.এল.এম ডিগ্ৰী লাভ কৰিছিল।

    ই-প্ৰশাসনৰ ক্ষেত্ৰখনত ২৫ বছৰৰ অভিজ্ঞতা আৰু ন্যায় বিভাগ/ বিচাৰ বিভাগত প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত ২২ বছৰৰ অভিজ্ঞতা।
    • ১৯৯৪ চনত ৰাষ্ট্ৰীয় তথ্যপ্ৰযুক্তি কেন্দ্ৰত বৈজ্ঞানিক বিষয়া/ অভিযন্তা “এছ.বি.” হিচাপে যোগদান কৰে। জিলা তথ্য বিষয়া, লাটোৰ; জিলা তথ্য বিষয়া, নান্দেদ্ আৰু পুনাৰ ৰাষ্ট্ৰীয় তথ্যপ্ৰযুক্তি কেন্দ্ৰৰ পৰিচালক হিচাপে সেৱা আগবঢ়াইছিল। ১৯৯৮ চনত জিলা আৰু সত্ৰ ন্যায়ালয়, নান্দেদত ডি.চি. আই.এছ.ৰ প্ৰয়োগ কৰিছিল।
    • ২০০৫ চনত মহাৰাষ্ট্ৰৰ আদালতসমূহত অ’পেন-ছ’ৰ্চ (মুক্ত উৎস) প্ৰযুক্তিৰ সহায়ত এক ‘গোচৰ তথ্য প্ৰণালী’ৰ বিকাশ তথা প্ৰয়োগ কৰিছিল।
    • এছ.ডি.ইউ., পুনাস্থিত ৰাষ্ট্ৰীয় তথ্যপ্ৰযুক্তি কেন্দ্ৰৰ ই-আদালত প্ৰকল্পৰ মুৰব্বী আছিল।