Close

    ই-আদালত সেৱা মোবাইল এপ

    ECourts APP

    ই-আদালত সেৱা মোবাইল এপ্লিকেশ্যনে দেশৰ বৈপ্লৱিক ন্যায়ালয় তথ্য আহৰণৰ উপায় হিচাপে ‘ডিজিটেল ইণ্ডিয়া বঁটা’ লাভ কৰিছে। ই-আদালত সেৱা মোবাইল এপ্লিকেশ্যন গুগুল্ প্লে’ ষ্টোৰ আৰু এপল্ এপ্ ষ্টোৰত উপলব্ধ। এই মোবাইল এপৰ জৰিয়তে বিবাদ স্থিতি, বিবাদসূচী, ন্যায়ালয়ৰ নিৰ্দেশ আদি তথ্যসমূহ লাভ কৰিব পাৰি আৰু এই সেৱাসমূহ ২৪x৭ সময়তেই উপলব্ধ। ন্যায়পালিকাৰ সদস্যসকল, অধিবক্তা, মোকৰ্দমাকাৰী, আৰক্ষী, চৰকাৰী সংস্থা আৰু অন্যান্য অংশীদাৰসকলৰ বাবে ই এক উপযোগী আহিলা। ই চি.এন.আৰ. (জিলা আৰু তহচিল আদালতত ৰুজু হোৱা প্ৰত্যেক মোকৰ্দমাক প্ৰদান কৰা এক অনন্য ক্ৰমাংক), পক্ষৰ নাম, অধিবক্তাৰ নাম, এফ.আই.আৰ. নং, মোকৰ্দমাৰ প্ৰকাৰ অথবা সংশ্লিষ্ট আইন আদি বিভিন্ন স্থিতিমাপকৰ জৰিয়তে ন্যায়ালয় ব্যৱস্থাত অমীমাংসিত অৱস্থাত থকা গোচৰসমূহৰ লগত জড়িত তথ্যৰ পুনঃপ্ৰাপ্তিৰ ব্যৱস্থা কৰিছে।

    জিলা আৰু তহচিল আদালতসমূহৰ সম্পৰ্কে ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীড (এন.জে.ডি.জি.)ত উপলব্ধ তথ্যসমূহ এই মোবাইল এপৰ জৰিয়তে লাভ কৰিব পাৰি। এই এপ্লিকেশ্যনত ডাউনলোড কৰা তথ্যৰ সংখাই ৪৬,৫০,০০০ (৪.৬৫ মিলিয়ন) অতিক্ৰম কৰিছে, যি এপ্লিকেশ্যনটোৰ জনপ্ৰিয়তা তথা কাৰ্যকাৰিতা সূচাইছে।
    কিউ.আৰ. কোড সুবিধা সন্নিৱিষ্ট কৰি এই এপটো উন্নীত কৰা হৈছে। ফলস্বৰূপে, এজন ব্যৱহাৰকাৰীয়ে কেৱল কিউ.আৰ.কোড স্কেন কৰি মোবাইলৰ জৰিয়তে মোকৰ্দমাৰ সবিশেষ লাভ কৰিব পাৰে। ই-আদালত ৱেবছাইট আৰু ই-আদালত সেৱাৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে এই কিউ.আৰ. কোড লাভ কৰিব পৰা যায়। ইয়াৰোপৰি, ‘হিষ্ট্ৰী অৱ দ্য কেছ’ নামেৰে এক সুবিধা সন্নিৱিষ্ট কৰা হৈছে, যাৰ সহায়ত এজন ব্যৱহাৰকাৰীয়ে কোনো এক নিৰ্দিষ্ট মোকৰ্দমাৰ লগত জড়িত প্ৰথম শুনানিৰ পৰা বৰ্তমানৰ স্থিতিলৈকে সকলো ঘটনা তথা মোকৰ্দমা সংক্ৰান্তত জাৰি হোৱা সকলো নিৰ্দেশ প্ৰত্যক্ষ কৰিব পাৰে। মোকৰ্দমাসমূহ জাৰি হোৱা নিৰ্দেশ আৰু ৰায়সমূহ চাবৰ বাবে এই এপত লিংক প্ৰদান কৰা হৈছে। দিনাংক মোকৰ্দমা সূচী সুবিধাই অধিবক্তাসকলৰ বাবে বিবাদ-সূচী প্ৰস্তুতৰ সুবিধা প্ৰদান কৰিছে।

    গুগল প্লে’ত লাভ কৰক
    এপ্ ষ্টোৰত লাভ কৰক

    ১.ইংৰাজী, ২.হিন্দী, ৩.কান্নাড়া, ৪.মাৰাঠী, ৫.মালায়ালম, ৬.নেপালী, ৭.ওড়িয়া, ৮.পাঞ্জাৱী, ৯.তামিল, ১০.তেলেগু আৰু ১১. গুজৰাটী ভাষাত ই-আদালত সেৱাসমূহৰ মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ বিধিৰ বাবে ইয়াত ক্লিক কৰক