Close

    ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীড

    njdg

    ই-আদালত প্ৰকল্পৰ তত্ত্বাৱধানত কাৰ্যকৰী কৰা এক ধ্বজাবাহক প্ৰকল্প ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীডে ভাৰত চৰকাৰৰ ব্যৱসায়িক দক্ষতাৰ প্ৰাথমিক পদক্ষেপৰ অধীনত এক গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে স্বীকৃতি লাভ কৰিছে। এই প’ৰ্টেল হৈছে দেশখনৰ সকলো তহচিল আৰু জিলা আদালতৰ বিচাৰাধীন আৰু মীমাংসিত গোচৰসমূহৰ লগত জড়িত তথ্যৰ এক ৰাষ্ট্ৰীয় ভাণ্ডাৰ। নমনীয় অনুসন্ধান প্ৰযুক্তি ধাৰণাৰ আধাৰত এই প’ৰ্টেল প্ৰস্তুত কৰা হৈছে, যি দক্ষ মোকৰ্দমা ব্যৱস্থাপনা আৰু মোকৰ্দমা নিৰীক্ষণৰ ক্ষমতা প্ৰদান কৰিছে, আৰু ইয়াৰ দ্বাৰা মোকৰ্দমাসমূহ কাৰ্যকৰীভাৱে মীমাংসা কৰিব পৰা যায়।

    এই প’ৰ্টেলত আপলোড কৰা তথা তুলনা কৰা তথ্যসমূহ তলত দিয়া ধৰণে অভিগমন আৰু বিশ্লেষণ কৰিব পাৰিঃ-
    • শ্ৰেণী অনুযায়ী
    • বছৰ অনুযায়ী
    • ৰাজ্য অনুযায়ী
    • সকলো প্ৰতিষ্ঠানতে মাহ অনুযায়ী মীমাংসিত মোকৰ্দমাসমূহ
    • মোকৰ্দমাৰ মূল/ আপীল/ নিষ্পাদন পৰ্যায়ৰ মাজেৰে
    • বিলম্বৰ কাৰণ

    এন.জে.ডি.জিয়ে দেশখনৰ সকলো ন্যায়ালয়তে ৰুজু হোৱা গোচৰ তথা মীমাংসিত আৰু বিচাৰাধীন গোচৰসমূহৰ সমুদায় সংখ্যা প্ৰদান কৰে। সংশ্লিষ্ট আদালতসমূহে প্ৰত্যেক দিনে এই পৰিসংখ্যা নতুনকৈ সংযোজন কৰে। ৱেবছাইটত ৰুজু হোৱা গোচৰৰ লগতে বিচাৰাধীন গোচৰৰ সংখ্যাও উপলব্ধ কৰোৱা হয়। সাক্ষাৎকাৰীসকলে নিৰ্দিষ্ট গোচৰৰ তথ্য আহৰণ কৰিব পাৰে। দেৱানী আৰু ফৌজদাৰী ক্ষেত্ৰাধিকাৰৰ ভিত্তিত পৃথক কৰা মোকৰ্দমাসমূহ পৰৱৰ্তী সময়ত বছৰ অনুযায়ী শ্ৰেণীবদ্ধভাৱে পৃথক কৰিব পৰা যাব, যেনেঃ ১০ বছৰ পুৰণি মোকৰ্দমা, ৫ৰ পৰা ১০ বছৰ পুৰণি মোকৰ্দমা ইত্যাদি। ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত বিচাৰাধীন মোকদৰ্মাসমূহৰ তথ্য ৰাজহুৱা মাধ্যমত মুকলি কৰি ৰখা হৈছে।

    • ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীড (ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়সমূহ)
    • ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীড (ভাৰতবৰ্ষৰ জিলা আৰু তহচিল আদালতসমূহ)