Close

    ভাৰ্চুৱেল ক’ৰ্ট

    vcourt

    ভাৰ্চুৱেল ক’ৰ্ট হৈছে এনে এক ধাৰণা, যাৰ লক্ষ্য হৈছে আদালত চৌহদত মোকৰ্দমাকাৰী অথবা অধিবক্তাৰ উপস্থিতি পৰিহাৰ কৰা আৰু এক আভাসী মঞ্চত মোকৰ্দমাসমূহ মীমাংসা কৰা। আদালতৰ সমলসমূহৰ যথোচিত ব্যৱহাৰ তথা গৌণ বিবাদসমূহ নিষ্পত্তিৰ ক্ষেত্ৰত মোকৰ্দমাকাৰীসকলক কাৰ্যকৰী উপায় প্ৰদানৰ উদ্দেশ্যে এই ধাৰণাৰ উৎপত্তি হয়। এক আভাসী বৈদ্যুতিন মাধ্যমত এগৰাকী ন্যায়াধীশে ভাৰ্চুৱেল ক’ৰ্ট পৰিচালনা কৰিব পাৰে যাৰ ক্ষেত্ৰাধিকাৰ সমগ্ৰ ৰাজ্যলৈকে বিস্তৃত হ’ব পাৰে আৰু তেওঁ ২৪x৭ সময়তে কাৰ্য সম্পাদন কৰিব পাৰে। কাৰ্যকৰী মীমাংসা আৰু সমাধানৰ অৰ্থে মোকৰ্দমাকাৰী অথবা ন্যায়াধীশ কোনো এজনেই শাৰীৰিকভাৱে আদালতত উপস্থিত থকাৰ প্ৰয়োজন নাই। কেৱল বৈদ্যুতিন মাধ্যমতহে যোগাযোগ হ’ব আৰু পৰৱৰ্তী সময়ত জৰিমনা অথবা ক্ষতিপূৰণ পৰিশোধো অনলাইন মাধ্যমতে হ’ব। বৈদ্যুতিন মাধ্যমত চমন লাভ কৰাৰ পিছত অভিযুক্তৰ দ্বাৰা দোষৰ স্বীকাৰোক্তি অথবা আচামীৰ দ্বাৰা ইয়াৰ অনুপালন কৰা মোকৰ্দমাসমূহ মীমাংসাৰ বাবে এই আদালতৰ প্ৰয়োগ কৰিব পাৰি। জৰিমনা পৰিশোধ কৰাৰ পিছত এনেধৰণৰ মোকৰ্দমাসমূহ নিষ্পত্তি হোৱা বুলি গণ্য কৰা হয়। প্ৰথমাৱস্থাত ভাৰ্চুৱেল ক’ৰ্টত কাৰ্যকৰীভাৱে মীমাংসা কৰিব পৰা মোকৰ্দমাসমূহ চিনাক্ত কৰি উলিওৱাটো জৰুৰী আছিল যদিও, বৰ্তমান সময়ত তথা বৃহৎ প্ৰকল্পৰ অংশ হিচাপে নিম্নোক্ত শ্ৰেণীৰ মোকৰ্দমাসমূহ ভাৰ্চুৱেল ক’ৰ্টত বিচাৰযোগ্য হিচাপে বিবেচনা কৰা হৈছেঃ-

    ১. যান-বাহন আইনৰ অধীনৰ অপৰাধ (ট্ৰেফিক চালান কেছেছ)
    ২. ধাৰা ২০৬ৰ অধীনত চমন জাৰি কৰিব পৰা গৌণ অপৰাধসমূহ

    চাওকঃ http://vcourts.gov.in