Close

    দিল্লীত ভাৰ্চুৱেল কোৰ্ট ২.০ ৰ উদ্বোধন

    • Start Date : 13/05/2020
    • End Date : 15/08/2020
    • Venue : দিল্লী

    ২০২০ চনৰ ১৩ মে’ তাৰিখে অনুষ্ঠিত এক উদ্বোধনী অনুস্থানত ই-সমিতিৰ অধ্যক্ষ ন্যায়াধীশ ড° ডি. ৱাই. চন্দ্ৰচূড়ে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.এন. পেটেল আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ কম্পিউটাৰ সমাতিৰ সদস্যসকল তথা অন্যান্য অভ্যাগত সকলৰ উপস্থিতিত দিল্লী ভাৰ্চুৱেল কোৰ্ট ২.০ উদ্বোধন কৰে।সমগ্ৰ দিল্লীত স্থাপন কৰা কেমেৰা সমূহৰ জৰিয়তে ধৰা পেলোৱা যান-বাহন আইন উলংঘাৰ চালান সমূহ অনলাইন যোগে মীমাংসাৰ উদ্দেশ্যে ভাৰ্চুৱেল কোৰ্ট সমূহ স্থাপন কৰা হৈছে।দিল্লী যান-বাহন আৰক্ষীয়ে দিল্লীৰ ৩৮৯ স্থানত স্থাপন কৰা কেমেৰা সমূহৰ জৰিয়তে ডিজিটেল মাধ্যমত ধৰা পেলোৱা দ্ৰুত গতিত যান- বাহন চলোৱা আৰু ৰেড লাইত-জাম্পিং আদি যান-বাহন আইন উলংঘনৰ গোচৰ সমূহ বিচাৰৰ বাবে ভাৰ্চুৱেল কোৰ্টলৈ প্ৰেৰণ কৰা হয়।কেমেৰাত বন্দী হোৱা ডিজিটেল চালানবোৰ ডিজিটেল মাধ্যমত ভাৰ্চুৱেল আদালতলৈ প্ৰেৰণ কৰা হয় আৰু মহানগৰ দণ্ডাধীশে এই গোচৰ সমূহ মীমাংসা কৰে।ভাৰ্চুৱেল আদালতৰ দণ্ডাধীশে ডিজিটেল চমন জাৰি কৰি যান-বাহন আইন উলংঘাকাৰী সকলৰ মোবাইল নম্বৰত প্ৰেৰণ কৰিব।দিল্লী উচ্চ ন্যায়ালয়ৰ সমিতিৰ অধ্যক্ষ ন্যায়াধীশ ৰাজীৱ শকদাৰে জনাইছে যে ২০২০ চনৰ ৭ মে’ লৈকে ৭,৩০,৭৮৯ চালান মীমাংসা কৰা হৈছে আৰু ৮৯,৪১,৬৭,৮১২ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে। উদ্বোধনৰ ১৫ মিনিটৰ ভিতৰতে অনলাইন মাধ্যমত ৯৫০০০ টকাৰ জৰিমনা আদায় দিয়া হৈছিল।ভাৰ্চুৱেল কোৰ্টৰ জৰিয়তে ২০ গৰাকী ন্যায়িক বিষয়াৰ কাম এগৰাকী ন্যায়িক বিষয়াই সম্পন্ন কৰিব পাৰে।

    Video

    No Image