Close

    শ্ৰী অতুল মধুকৰ কুৰ্হেকাৰ

    Atul Madhukar Kurhekar
    • ই-মেইল: mp-ecommittee[at]aij[dot]gov[dot]in
    • পদবী: সদস্য-কাৰ্যপদ্ধতি বা প্ৰচেছ

    নাগপুৰৰ পৰা বিজ্ঞানত স্নাতক (বি.এচচি) ডিগ্ৰী লাভ কৰে। নাগপুৰৰ ড০ বাবাচাহেব আম্বেদকাৰ কলেজ অব ল-ৰ পৰা এল.এল.বি ডিগ্ৰী সম্পূৰ্ণ কৰে। উবুন্টু (UBUNTU) আৰু চি.আই.এচ (CIS) ৰ চাৰ্টিফাইড মাষ্টাৰ ট্ৰেইনাৰ। ব’ম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ পীঠ আৰু নাগপুৰ জিলা আদালতত দেৱানী আৰু ফৌজদাৰী পক্ষৰ হৈ আঠ বছৰ ওকালতি কৰে।
    • ১৯৯৫ চনৰ অক্টোবৰৰ পৰা ২০০৪ চনৰ জানুৱাৰীলৈকে কনিষ্ঠ বিভাগৰ দেৱানী ন্যায়াধীশ(চিভিল জাজ জুনিয়ৰ ডিভিজন) আৰু (জে.এম.এফ.চি)প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু তাৰ পিছত সহকাৰী পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰাৰ আগলৈকে ২০০৪ চনৰ জানুৱাৰীৰ পৰা জ্যেষ্ঠ দেৱানী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।
    • মুম্বাইত গৌণ বা সাধাৰণ অভিযোগৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগলৈকে ২০০৪ চনৰ ছেপ্তেম্বৰৰ পৰা ব’ম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ পীঠত সহকাৰী পঞ্জীয়ক (ন্যায়িক) হিচাপে নিযুক্তি লাভ কৰিছিল।
    • মহাৰাষ্ট্ৰ জুডিচিয়েল একাডেমিত নিযুক্তি লাভ কৰাৰ আগলৈকে ২০০৮ চনৰ মে’ৰ পৰা মুম্বাইৰ গৌণ বা সাধাৰণ অভিযোগ সম্পৰ্কীয় আদালতত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।
    • পুণাত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগলৈকে প্ৰশাসনিক বিষয়া হিচাপে (জুলাই, ২০০৯-এপ্ৰিল, ২০১১)আৰু তাৰ পিছত অতিৰিক্ত সঞ্চালক (এপ্ৰিল, ২০১১- ছেপ্তেম্বৰ, ২০১৩) হিচাপে সেৱা আগবঢ়াইছিল।
    • পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে ২০১৩ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১৪ চনৰ নৱেম্বৰলৈকে পুণাৰ জিলা আৰু সহযোগী সত্ৰ ন্যায়াধীশ হিচাপে আৰু পৰৱৰ্তী সময়ত মুম্বাইৰ নগৰ দেৱানী আৰু সত্ৰ আদালতত দুৰ্নীতি বিৰোধী গোচৰৰ বাবে থকা বিশেষ আদালতত অতিৰিক্ত সত্ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।
    • ই-সমিতিৰ সদস্য(কাৰ্যপদ্ধতি) হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে ২০১৬ চনৰ মে’ৰ পৰা ব’ম্বে উচ্চ ন্যায়ালয়ত পঞ্জীয়ক (আইনী আৰু গৱেষণা) হিচাপে কৰ্মৰত আছিল।