Close

    ই-সেৱা কেন্দ্ৰ

    e-SEWA KENDRA

    প্ৰত্যেক ৰাজ্যতে বৃহৎ পৰিসৰত উচ্চ ন্যায়ালয়সমূহ আৰু একোখনকৈ জিলা আদালতত ই-সেৱা কেন্দ্ৰৰ সৃষ্টি কৰা হৈছে। ই গোচৰৰ পক্ষদ্বয়ে লাভ কৰিব পৰাকৈ গোচৰৰ স্থিতি, গোচৰৰ ৰায়ৰ প্ৰতিলিপি আৰু আদেশসমূহ উপলব্ধ কৰে। এই কেন্দ্ৰসমূহে গোচৰৰ ই-দাখিলৰ ক্ষেত্ৰতো সহযোগ কৰে। এই কেন্দ্ৰসমূহে সাধাৰণ লোকৰ বাবে আগবঢ়োৱা সেৱাৰ ক্ষেত্ৰত লোৱা উল্লেখযোগ্য পদক্ষেপক প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকে যাতে সহজে ন্যায় লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰে।

    ই-সেৱা কেন্দ্ৰসমূহত প্ৰদান কৰিবলগীয়া সুবিধাসমূহ :

    প্ৰাৰম্ভিক অৱস্থাত ই-সেৱা কেন্দ্ৰসমূহে মোকৰ্দমাকাৰী আৰু যিসকল অধিবক্তাক প্ৰয়োজন সেইসকলৰ বাবে তলত দিয়া সেৱাসমূহ আগবঢ়াব :
    • গোচৰৰ স্থিতি, পৰৱৰ্তী শুনানিৰ তাৰিখ আৰু অন্যান্য সবিশেষ অনুসন্ধান কৰা৷
    • প্ৰত্যায়িত প্ৰতিলিপিৰ বাবে অনলাইন আবেদন উপলব্ধ কৰা৷
    • আবেদন পত্ৰসমূহৰ মুদ্ৰিত সংস্কৰণসমূহৰ স্কেনিঙৰ পৰা আৰম্ভ কৰি আবেদন পত্ৰৰ ই-দাখিল সম্পন্ন কৰা, ই-স্বাক্ষৰ সংলগ্ন কৰা, সেইসমূহ চি আই এছৰ সৈতে আপলোড কৰা আৰু দাখিল নম্বৰ সৃষ্টি কৰা।
    • অনলাইন ই-ষ্টাম্প পেপাৰ ক্রয় কৰা অথবা ই-পৰিশোধ কৰা কাৰ্যত সহযোগ কৰা৷
    • আধাৰ-যুক্ত ডিজিটেল স্বাক্ষৰ লাভ কৰা আৰু প্ৰয়োগ কৰাত সহায় কৰা৷
    • এণ্ড্ৰইড আৰু আই অ’ এছৰ বাবে মোবাইল এপৰ বিষয়ে প্ৰচাৰ কৰা আৰু ডাউনলোড কৰাত সহায় কৰা ।
    • কাৰাগাৰত থকা আত্মীয়ক লগ পাবলৈ ই-মোলাকাটৰ বাবে আগতীয়াকৈ সময় নিৰ্ধাৰণৰ ব্যৱস্থা উপলব্ধ কৰোৱা।
    • ছুটীত থকা ন্যায়াধীশসকলৰ বিষয়ে কৰা অনুসন্ধান পৰিচালনা কৰা।
    • জিলা আইন সেৱা প্ৰাধিকাৰী, উচ্চ ন্যায়ালয় আইন সেৱা সমিতি আৰু উচ্চতম ন্যায়ালয় আইন সেৱা সমিতিৰ পৰা কেনেকৈ বিনামূলীয়া আইন সেৱা লাভ কৰিব পাৰি সেই বিষয়ে জনসাধাৰণক পথ নিৰ্দেশনা দিয়া৷
    • ভাৰ্চুৱেল ক’ৰ্টসমূহত ট্ৰেফিক চালানৰ লগতে অনলাইন জমা হোৱা ট্ৰেফিক চালানসমূহ আৰু অন্যান্য গৌণ গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা।
    • আদালতৰ শুনানিৰ বাবে হোৱা ভিডিঅ’ সন্মিলনৰ আয়োজন কৰা আৰু আয়োজন কৰাৰ প্ৰক্ৰিয়াসমূহ বিশ্লেষণ কৰা।
    • ন্যায়িক নিৰ্দেশনা বা ৰায়সমূহৰ ছফ্ট কপি ই-মেইল, হোৱাটছএপ বা উপলব্ধ আন মাধ্যমযোগে প্ৰদান কৰা।