স্বয়ংক্ৰিয় ই-মেইল
![email service](https://cdnbbsr.s3waas.gov.in/s388ef51f0bf911e452e8dbb1d807a81ab/uploads/2020/07/2020070963-1.jpg )
চি আই এছ ছফটৱেৰটো প্ৰস্তুত কৰা হৈছে যাতে ই গোচৰৰ স্থিতি, পৰৱৰ্তী শুনানিৰ তাৰিখ, গোচৰসূচী, ৰায় আৰু নিৰ্দেশসমূহৰ সৱিশেষ স্বয়ংক্ৰিয়ভাৱে ই-মেইলযোগে প্ৰেৰণ কৰে। ইয়াৰ সুবিধা লাভ কৰিব খোজা ব্যৱহাৰকাৰীজনে চি আই এছ ছফটৱেৰত এটা ব্যৱহাৰযোগ্য ই-মেইল পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পিছত ই-মেইলসমূহ পক্ষদ্বয়, অধিবক্তা, পঞ্জীয়নকৃত আইন প্ৰণয়নকাৰী সংস্থা আৰু চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰা হয়। গোটেই ব্যৱস্থাটো এনেকৈ সজাই তোলা হৈছে যে ই গোচৰ সূচী, পৰৱৰ্তী শুনানিৰ তাৰিখ, গোচৰ স্থানান্তৰ আৰু নিষ্পত্তি আদিৰ দৈনন্দিত নটিফিকেশ্বন প্ৰস্তুত কৰে। ই পি ডি এফ ৰূপত ৰায় বা আদেশ মেইল কৰাৰ সুবিধাও প্ৰদান কৰে।