টাচ স্ক্ৰীন কিয়স্ক

সমগ্ৰ দেশতে আদালত চৌহদসমূহত টাচ স্ক্ৰীন কিয়স্ক স্থাপন কৰা হৈছে। এই কিয়স্কসমূহত অধিবক্তা আৰু পক্ষদ্বয়ে গোচৰৰ স্থিতি, গোচৰ সূচী আৰু অমীমাংসিত গোচৰ সম্পৰ্কীয় অন্যান্য গুৰুত্বপূৰ্ণ তথ্য চাব বা তথ্য আহৰণ কৰিব পাৰে। সেইদৰে প্ৰত্যেক আদালত চৌহদত স্থাপন কৰা ন্যায় সেৱা কেন্দ্ৰসমূহৰ পৰাও তথ্য আহৰণ কৰিব পৰা যাব।