Close

    জিলা আদালত প’ৰ্টেল

    districts courts portal

    এক কেন্দ্ৰীভূত প’ৰ্টেল যি ব্যৱহাৰকাৰীক পৃথক পৃথক জিলা আদালতৰ ৱেবচাইটসমূহলৈ লৈ যাব। এই প’ৰ্টেলৰ জৰিয়তে প্ৰত্যেকখন জিলা আদালতৰ তথ্য আহৰণ কৰিব পাৰি৷ এই পৰ্টেলে ৬৮৮ খন জিলা আদালতৰ ৱেবচাইটৰ মুখ্যদ্বাৰ হিচাপে কাম কৰে৷

    পৃথক পৃথক ৱেবচাইটত প্ৰত্যেকখন জিলাত কাম কৰা ন্যায়িক বিষয়া, ছুটীত থকা ন্যায়াধীশ, প্ৰয়োজনীয় নিয়োগ সম্পৰ্কীয় তথ্য, জাননী, আদালত আৰু আৰক্ষী থানাৰ ক্ষেত্ৰাধিকাৰ আদিৰ এখন তালিকা দিয়া হয়৷ গোচৰৰ স্থিতি, আদালতৰ নিৰ্দেশ, গোচৰ সূচী আদি জিলা আদালতৰ সকলো যাৱতীয়া তথ্যও এই প’ৰ্টেলত সন্নিবিষ্ট কৰা হয়৷ আদালত চৌহদসমূহৰ ভিৰ হ্ৰাস কৰি আৰু আদালতত নিজে শাৰীৰিকভাৱে উপস্থিত নোহোৱাকৈয়ো এই তথ্যসমূহ যিকোনো ঠাইৰ পৰাই আনায়াসে লাভ কৰিব পাৰি৷

    https://districts.ecourts.gov.in/ চয়ন কৰক।