Close

    ন্যায়ালয়সমূহ আৰু কোবিড – ১৯ : ন্যায়িক কাৰ্যদক্ষতাৰ বাবে সমাধান গ্ৰহণ

    Publish Date: March 25, 2021
    Adopting-Solutions

    ১৭ জুন, ২০২০ তাৰিখে মাননীয় ন্যায়াধীশ ড০ ডি ৱাই চন্দ্ৰচূড়ে ‘বিশ্ব বেংকত ন্যায়ালয়সমূহ আৰু কোবিড-১৯ – ন্যায়িক কাৰ্যদক্ষতাৰ বাবে সমাধান গ্ৰহণ’ শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে। উক্ত ভাষণত তেওঁ ভাৰতত কোবিড-১৯ অতিমাৰীৰ প্ৰতি তৎকালীন ন্যায়িক প্ৰতিক্ৰিয়া সম্পৰ্কে আলোচনা কৰিছিল। উচ্চতম ন্যায়ালয়ে সীমাবদ্ধতাৰ সময়ৰ ওপৰত বাধা আৰোপ কৰি আদেশ জাৰি কৰিছিল আৰু অন্তৱৰ্তীকালীন আদেশ আৰু জামিনৰ চৰ্তৰ আদেশৰ সময়সীমা বৃদ্ধি কৰিছিল। অতিমাৰীয়ে আনি দিয়া প্ৰত্যাহবানৰ সন্মুখীন হ’বৰ বাবে ভিডিঅ কনফাৰেঞ্চিংযোগে আদালতৰ শুনানি গ্ৰহণৰ নীতি নিৰ্দেশনা, জৰুৰী শুনানিৰ বাবে মানক সঞ্চালন প্ৰক্ৰিয়া, ই-দাখিল আদিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তেওঁ ই সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপৰ ফলত লাভ কৰা সফলতাসমূহ সম্পৰ্কেও আলোচনা কৰে। তাৰ ভিতৰত উল্লেখযোগ্য হ’লঃ
    • ফ্ৰী এণ্ড অপেন চ’ৰ্চ ছফটৱেৰ নিৰ্ভৰ গোচৰৰ তথ্য আৰু ব্যৱস্থাপনা ব্যৱস্থাৰ বিকাশ সাধন।
    • আদালত প্ৰাঙ্গনসমূহত ই-সেৱা কেন্দ্ৰৰ ব্যৱস্থা৷
    • গৌণ অপৰাধসমূহ স্বীকাৰ আৰু অনলাইনযোগে জৰিমনা অথবা স্বীকাৰ নকৰিলে গোচৰটো প্ৰতিদ্বন্দিতা কৰিব পৰা বিকল্পৰে গৌণ যানবাহন সম্পৰ্কীয় গোচৰসমূহৰ বাবে ভাৰ্চুৱেল ক’ৰ্টৰ শুভাৰম্ভ কৰা হয়।
    • দেশৰ সকলো উচ্চ ন্যায়ালয়, তালুকা আদালত আৰু জিলা আদালতৰ অমীমাংসিত আৰু নিষ্পত্তি হোৱা গোচৰৰ তথ্য সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰীডৰ বিকাশ সাধন।
    • চমনৰ ক্ষেত্ৰত হোৱা বিলম্বৰ মোকাবিলা কৰিবলৈ জিপিএছ সংলগ্নিত ছফটৱেৰ এপ্লিকেশ্যন এন এছ টি পিৰ অন্তৰ্ভুক্তি।
    • উচ্চতম ন্যায়ালয়ৰ গোচৰৰ ৰায়সমূহৰ অনুবাদৰ বাবে, একেধৰণৰ গোচৰসমূহ চিনাক্তকৰণৰ বাবে আৰু চেক বাউঞ্চ হোৱা গোচৰ আৰু গোচৰটোৰ পৰিক্ৰমা নিৰ্ণয় কৰিবৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা [আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ]ৰ ব্যৱহাৰ।
    তেওঁ পৰামৰ্শ দাঙি ধৰে যে আটাইতকৈ বৃহৎ পক্ষ হিচাপে চৰকাৰে ফলাফল সম্পৰ্কে ধাৰণা কৰিবলৈ আৰু উদ্দেশ্যধৰ্মী এক সিদ্ধান্তত উপনীত হ’বৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব পাৰে। বৃটিছ গণৰাজ্যৰ মহামহিম আদালতসমূহ আৰু ন্যায়াধিকৰণ সেৱাৰ মুখ্য কাৰ্যবাহী ছুজান হুডৰ কথা উল্লেখ কৰি তেওঁ কয় যে আমাৰ প্ৰক্ৰিয়াসমূহ আমাৰ আদৰ্শৰ সমান পুৰণি হ’ব নালাগে। প্ৰযুক্তিয়ে আদালতত আমাৰ শাৰীৰিক উপস্থিতিৰ প্ৰয়োজনৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিবৰ্তন আনিছে। ন্যায় প্ৰদান নাগৰিকৰ অৰ্থে এক সেৱা হিচাপে গ্ৰহণ কৰাৰ সময় আহি পৰিছে। সাম¿গ্ৰক ন্যায়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ কয় যে, ই-আদালতৰ ক্ষেত্ৰত লোৱা পদক্ষেপে ন্যায় লাভৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত যিবোৰ ব্যৱহাৰকাৰীৰ বাবে সুচল এপ্লিকেশ্যন অথবা ৱেবচাইটৰ সৃষ্টিৰ জড়িয়তে লাভ কৰিব পাৰি। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভৱিষ্যতৰ পথ সহানুভূতি, স্থায়িত্ব আৰু স্বচ্ছতাৰ আদৰ্শৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত। ইয়াৰ বাবে চৰকাৰ, উকীল সন্থা, বেচৰকাৰী খণ্ড আৰু ব্যক্তিবিশেষৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয়। ডিজিটেল বিভাজন হ্ৰাস কৰিবৰ বাবে, হিতাধিকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে, মানদণ্ড বজাই ৰাখিবৰ বাবে আৰু সমগ্ৰ দেশৰ আদালতসমূহৰ মাজত এক অভিন্নতা বজাই ৰাখিবৰ বাবে আৰু তথ্য সুৰক্ষিত আৰু তথ্য সৰবৰাহৰ বাবে এক সাম¿গ্ৰক গাঁথনিৰ তৈয়াৰ কৰিব লাগিব আৰু লগতে মতামত গ্ৰহণৰ ব্যৱস্থাৰো বিকাশ সাধন কৰিব লাগিব।