Close

ই-আদালত সেৱাৰ মোবাইল এপত আৰু জাষ্টইজ এপত “ইণ্ডিয়া কোড” যুক্ত কৰা হৈছে

Publish Date: March 25, 2021
icode

এটা নতুন উপাদান “ইণ্ডিয়া কোড” ই-আদালত সেৱাৰ মোবাইল ফোন এপত আৰু জাষ্টইজ এপ্লিকেশ্যনত যুক্ত কৰা হৈছে যিয়ে ব্যৱহাৰকাৰী সকলক তেওঁলোকৰ মোবাইল ফোনযোগে সকলো আইন, বিধি, নিয়ম, জাননী, অধিসূচনা আদি লাভ কৰাত সহায় কৰিব। ই হৈছে সকলো মৌলিক আইনৰ এক প্ৰসঙ্গ ভাণ্ডাৰ। উদাহৰণস্বৰূপে, আপুনি যদি ফৌজদাৰী কাৰ্য্যবিধি আইন, ১৯৭৩ৰ কোনো এটা ধাৰাৰ বিধান বিচাৰে, তেন্তে সেয়া আপোনাৰ মোবাইল এপ্লিকেশ্যনত সহজতে লাভ কৰিব পাৰিব। আমি আশা কৰো, এই বৈশিষ্ট্যই এইবোৰ এপত (এপ্লিকেশ্যনত) এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে কাম কৰিব। আপোনাৰ মতামত জনালে আমি সুখী হ’ম।