Close

    আৰ. আৰুলমোঝিচেলভি

    R Arulmozhiselvi
    • ই-মেইল: hr-ecommittee[at]aij[dot]gov[dot]in
    • পদবী: সদস্য-মানৱ সম্পদ

    ২৮-৫-২০২০ৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতিৰ সদস্য (মানৱ সম্পদ) হিচাপে কৰ্মৰত হৈ আছে।
    • তামিলনাডু ন্যায়িক সেৱাৰ ২০০৩ বৰ্ষৰ ন্যায়িক বিষয়া।
    • জিলা আদালতত ১৭ বছৰ ন্যায়িক সেৱা আগবঢ়ায়।
    • ই-সমিতিত যোগদান কৰাৰ পূৰ্বে কেইবাখনো জিলাত আৰু তামিলনাডু ষ্টেট জুডিচিয়েল একাডেমিত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে সেৱা আগবঢ়ায়।
    • উবুন্টু (UBUNTU) আৰু চি.আই.এচ. (CIS) ৰ মাষ্টাৰ ট্ৰেইনাৰ।
    • চাইবাৰ অপৰাধৰ মাষ্টাৰ ট্ৰেইনাৰ (হাইদৰাবাদৰ নেশ্যনেল পুলিচ একাডেমিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত)
    • চি.আই.এচ. (CIS) আৰু উবুন্টু (UBUNTU)ত কৰ্মৰত কৰ্মচাৰী আৰু ন্যায়িক বিষয়াসকলৰ বাবে অসংখ্য প্ৰশিক্ষণ অনুষ্ঠান পৰিচালনা কৰে।
    • তামিলনাডুৰ সকলো জিলাতে তামিলনাডুৰ ন্যায়িক বিষয়াসকলৰ বাবে চাইবাৰ অপৰাধ সম্পৰ্কে প্ৰশিক্ষণ অনুষ্ঠান পৰিচালনা কৰে।
    • লিখিত নিয়মাৱলী :
    ১. চি.আই.এচ. (CIS) ৰ বাবে সহজ গাইড।
    ২. কেচ ইনফৰমেশ্বন চিষ্টেম ২.০।
    ৩. কেচ ইনফৰমেশ্বন চিষ্টেম ৩.০।
    ৪. বিদ্য (Vidyo)ৰ যোগে ভিডিঅ’ সন্মিলন।
    ৫. জাষ্টইজ মোবাইল এপৰ যোগেদি গোচৰ ব্যৱস্থাপনা।
    ৬. ভাৰতৰ উচ্চ ন্যায়ালয় আৰু জিলা আদালতত ই-দাখিলৰ বাবে ক্ৰমানুসাৰে বিৱৰণ।