Close

    মহামান্য ন্যায়াধীশ এন. ভি. ৰমণ, ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ

    nv.ramana
    • পদবী: পেট্ৰন-ইন-চীফ

    কৃষ্ণা জিলাৰ পুন্নাভৰম গাঁৱৰ এক কৃষক পৰিয়ালত ১৯৫৭ চনৰ ২৭ আগষ্টত এন.ভি. ৰমণ, বি.এছ.চি., বি.এল. ৰ জন্ম হৈছিল। ১৯৮৩ চনৰ ১০ ফেব্ৰুৱাৰীত তেঁও অধিবক্তা হিচাপে পঞ্জীয়ণভুক্ত হয়। দেৱানী, ফৌজদাৰী, সাংবিধানিক, শ্ৰম, সেৱা আৰু নিৰ্বাচন সম্বন্ধীয় বিষয় সমূহত তেঁও অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়, কেন্দ্ৰীয় আৰু অন্ধ্ৰপ্ৰদেশ প্ৰশাসনিক ন্যায়াধিকৰণ আৰু ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত ওকালতি কৰিছিল। তেঁও সাংবিধানিক, ফৌজদাৰী, সেৱা আৰু আন্তঃৰাজ্যিক জল আইনৰ বিশেষজ্ঞ। তেঁও বিভিন্ন চৰকাৰী সংস্থাৰ পেনেল পৰামৰ্শদাতা হিচাপেও কাম কৰিছে। তেঁও কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কাম কৰাৰ লগতে হায়দৰাবাদৰ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণৰ অন্তৰ্গত ৰেল বিভাগৰ স্থায়ী পৰামৰ্শদাতা হিচাপেও সেৱা আগবঢ়াইছিল। তেঁও অন্ধ্ৰপ্ৰদেশৰ অতিৰিক্ত মহাধিবক্তাও আছিল। ২০০০ চনৰ ২৭ জুনত তেঁও অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০১৩ চনৰ ১০ মাৰ্চৰ পৰা ২০ মে’ লৈকে তেঁও অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেঁও ভাৰত আৰু বিদেশত অনুষ্ঠিত কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি আইনী গুৰুত্বসম্পন্ন বিষয়ৰ ওপৰত আলোচনা পত্ৰ দাখিল কৰিছিল।
    ০২.০৯.২০১৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তেঁওক দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়। ১৭.০২.২০১৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তেঁওক ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ২৪.০৪.২০২১ তাৰিখে তেখেতে ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।