Close

    ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ড০ ডি. ৱাই. চন্দ্ৰচূড়

    Dr Justice Dhananjaya Y Chandrachud
    • পদবী: অধ্যক্ষ

    নতুন দিল্লীৰ চেইন্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতিত বি.এ. ডিগ্ৰী, দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাচ ল চেন্টাৰৰ পৰা এল.এল.বি ডিগ্ৰী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড ল স্কুলৰ পৰা এল.এল.এম আৰু এচ.জে.ডি ডিগ্ৰী লাভ কৰে। মহাৰাষ্ট্ৰৰ বাৰ কাউন্সিলত নামভৰ্তি কৰে আৰু প্ৰধানকৈ ব’ম্বে উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত ওকালতি কৰে। ১৯৯৮ চনত জ্যেষ্ঠ অধিবক্তা আৰু ভাৰতৰ অতিৰিক্ত মহান্যায়াধিকৰ্তাৰ পদ লাভ কৰে।
    • ২০০০ চনৰ ২৯ মাৰ্চত ব’ম্বে উচ্চ ন্যায়ালয়ৰ পীঠলৈ পদোন্নতি হয়। মহাৰাষ্ট্ৰ জুডিচিয়েল একাডেমিৰ সঞ্চালক।
    • ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত লয়।
    • ২০১৬ চনৰ ১৩ মে’ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে।
    • মুম্বাই বিশ্ববিদ্যালয়ত তুলনামূলক সাংবিধানিক আইনৰ অতিথি অধ্যাপক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওকলাহোমা বিশ্ববিদ্যালয় স্কুল অব ল-ৰ অতিথি অধ্যাপক।
    • অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্চিটি, হাৰ্ভাৰ্ড ল স্কুল, য়ালে ল স্কুল আৰু চাউথ আফ্ৰিকাৰ ইউনিভাৰ্চিটি অব উইটৱাটাৰস্ৰেণ্ডত বক্তৃতা প্ৰদান কৰিছিল।